Show/Hide Keyboard Layout

মোৰ মন বাঘ যদি

- ভূপেন হাজৰিকা

মোৰ মন বাঘ যদি আজি চৰাই হয়

আৰু কʼৰবাৰ চিলনীয়ে খেদি খেদি কয়

তোৰ সাহৰ দেখোঁ কোনো চিনচাব নাই

মই কʼম কি?

 

মোৰ মাটিডৰা যদি আজি ছন পৰি যায়

আৰু আয়ে যদি কান্দি কান্দি মোক আহি কয়

সেউজ ৰং মোক বাৰু কিয় নিদিলি ?

মই কʼম কি ?

মই কʼম কি ?

 

মোৰ বুকুখন আজি যদি পাল হৈ যায়

ধুমুহাই যদি তাতে সঘনে কোবায়

মই জানো মুখখন হাতেৰে ঢাকি

চিঞৰিম আকাশ কঁপাই !

 

মোৰ দেশখন যদি আজি আই হৈ যায়

আৰু আয়ে যদি কান্দি কান্দি বাৰে বাৰে কয়

তই বাৰু মোৰ বাবে কৰিলিনো কি

মই কʼম কি ?

মই কʼম কি ?

Hits: 2298